সৰগৰ বেলকনি (৪)
অকলশৰীয়া
নিলাজ ফাগুনৰ
বলিয়া বতাহত,
শিমলু তুলাই
নাচি বাগি
স’ৰাপাতৰ
বিননি দেখি,
আছে খিলখিলাই ৷
কবিৰ এখোজ দুখোজ
ভৰিৰ উমান পাই ৷
স’ৰাপাতৰ খহতা শব্দই
বুকুত বিন্ধিলে সচাঁই !
নঙঠা ডালত বহি বিনাইছে
মৰমী চৰাইজনী কবিৰ দুখত
সুৰ তুলি বুজাইছে কবিক
দুখ কৰিব লগা একোৱেই নাই বুলি ৷
সকলো এদিন স’ৰাপাত লেখিয়া
সকলো এৰি গুছি যাব হৈ অকলশৰীয়া ৷
ছাইফুদ্দিন আহমেদ, বৰছলা
Comments
Post a Comment