সৰগৰ বেলকনি (৪)

কলম
      
     
তিনিটা আখৰেৰে গঠিত
মোৰ এই নামটি, 
মই কলম। 
চিঞাঁহী নিগৰাই 
কবিৰ ভাষাৰে
গাঠিঁছো মালা শব্দৰ জালত..। 

হাজাৰ বন্দুক বাৰুদে
কৰিব নোৱাৰে যি
মই অকলেই
এক অক্ষৌহিনী.. 
কবিৰ হাতৰ আঙুলীৰ 
ফাকে ফাকে, 
শব্দৰ ঝংকাৰ তুলি
দি যাওঁ সৃষ্টিৰ সুবাস।

মই এক অহিংস অস্ত্র
মোৰে সৃষ্ট শব্দই
জগাই জনতাৰ প্ৰতিবাদী কণ্ঠ.. 

ইতিহাস ৰছোঁ মই আদিম যুগৰ 
বুৰঞ্জী লিখো মই ৰজাৰ দিনৰ, 
হিচাপ ৰাখোঁ হিচাপ শাস্ত্ৰৰ
স্বাক্ষৰ হওঁ মই সৃষ্টি বিশ্বৰ। 
ময়ে কলম..............কলম।

 
পল্লৱ ৰায়, গহপুৰ
   

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়