সৰগৰ বেলকনি (৪)
গল্প,
যৌতুকৰ বাবে সোণৰ সংসাৰ ধবংস ৷
ফাতিমা সৰুৰে পৰা বৰ নম্ৰ আৰু ভদ্ৰ । তাইক ঘৰৰ সকলোৱে বৰ মৰম কৰে ’ ওচৰ চুবুৰীয়া ফাতিমাক ভাল পাই ৷ ফাতিমা এজনী মধ্যবিত্ত পৰিয়ালৰ ছোৱালী ৷ তাই সত্য পথত থাকি ভাল পায় সত্যক সদায় জয় কৰিব বিচাৰে ৷দেখাত তাই বৰ ধুনীয়া ৰূপে গুনে আন দশজনী ছোৱালীত কৈ কম নহয় ৷
এদিনাখন ফাতিমা কলেজৰ পৰা আহি থাকোঁতে বাটত ৰাইহান নামৰ ল’ৰা এজনক লগ পালে ৷ ৰাইহান ধনী ঘৰৰ উচ্চ শিক্ষিত ল’ৰা ধুনীয়া চেহেৰা ৷ ৰাইহান চাৰি চকীয়া বাহনৰ পৰা নামি কলেজীয়া ছোৱালীকেজনীক উদ্দেশ্য কৰি সুধিলে ’ ভন্টী ৰাজেন চলিহাৰ ঘৰত কোন ফালে যাব লাগিব ৷ তাৰ মাজৰ পৰা এজনী ছোৱালীযে ভুল ৰাস্তা দেখুৱাই দিলে ৷ ফাতিমাৰ কিন্ত ভাল লগা নাই ’ ৰব দাদা আপুনি সেইটো ভুল বাটেদি নাযাব ৷ এফালে দি অলপ বাট গৈ ওখ বিল্ডিং এটা পাব সেইটোই চলিহাৰ ঘৰ ৷ ৰাইহান ধন্যবাদ এটা দি গুচি গ’লে ৷
ৰাইহানে পিচদিনা বিয়াৰ প্ৰস্তাৱ লৈ ফাতিমাৰ ঘৰ পালে গৈ ৷ ফাতিমাৰ আব্বাই কথাটো প্ৰথমতে মান্তি নহল ৷কাৰণ আমি দুখীয়া ধনী ঘৰত বিয়া নিদিওঁ ৷ পিচত মান্তি হৈ বিয়াখন দিলে ৷
ফাতিমাৰ বিয়াত যৌতুকত একোদিব নোৱাৰিলে ৷ ফাতিমা । এজনী আদৰ্শ বোৱাৰী হিচাপে স্বামীৰ ঘৰখন শুদ্ধমতে চলাই আছে ৷ কিন্ত শাহু’ শাহুৰী ’ দেৱৰ ঘৰৰসকলোৱে এটাই প্ৰশ্ন যৌতুক ৷
ৰাইহান ঃ ফাতিমা অ ফাতিমা ’ কি আপুনি আহি পালে ’ ঠাণ্ডা পানী এগিলাচ দিয়া ৷ ফাতিমা ফ্ৰিজৰ পৰা পানী আনিবলৈ লওঁতেই শাহু মা মাত লগালে ফ্ৰিজৰ ব্যৱহাৰ নাজানা নহয় মাকৰ ঘৰৰ পৰা গটা আনিব লোৱাৰিলা ৷ এই কথা শুনি ফতিমাৰ অন্তৰত আগত লাগিল৷ৰাইহান পানী নাপাই দুটা চৰ লগাই দিলে ৷
ফাতিমা ঃ প্ৰতিদেৱ অ মোৰ স্বামী ’ আপুনি কিয় মোৰ লগত খং কৰে ৷ মোৰ আব্বুৰ পইচা নাই আপোনালোক উপয়ু্ক্ত মতে যৌতুক দিবলৈ ৷ যৌতুক দিব নোৱাৰিলে মই আপোনাক মৰম ’ শ্ৰদ্ধা দিব পাৰিম ৷ মই আপোনালোকৰ মাজত যিমান কষ্ট কৰিব লাগে সেইখিনি কৰি যাম ৷মোক শান্তিত থকিবলৈ দিয়কচোন ৷ মোৰ আব্বুৰ যিখিনি মাটি আছিল মোক আপোনালোকৰ ধনী ঘৰত বিয়া দিওতে বিক্ৰী কৰিদিলে ৷ এতিয়া ঘৰৰ ভেটিখিনি আছে ভাইটিক পঢ়াব লাগিব ৷ এই কথা শুনিৰাইহান খংঙত অগ্নিশম্মা হৈ পৰিলে ৷
ৰাইহান ঃ বন্ধু এজন লগত লৈ আহি মাত লগালে ঐ ফাতিমা এফালে আহচোন ৷ফতিমা পাকঘৰৰ পৰা মাত লগালে কি হৈছে যান আহি আছোঁ ৷ ৰাইহানে গৈ পাকঘৰৰ পৰা চুলিত ধৰি চুচৰাই আনি কবলৈ ধৰিলে মা“কৰ ঘৰৰ পৰা কি আনিব পাৰিলি ’চাইল আজি লগৰ বন্ধুৰ ঘৈণীয়েকে মা“কৰ ঘৰৰ পৰা কিমান নামি দামী বস্তু আনিছে আৰু তই একো আনিব নোৱাৰিলি ৷
ফতিমাঃ মোক নামাৰিব প্ৰতিদেৱ মই আপোনাক বৰ ভাল পাওঁ ৷ মই যৌতুক আনিব নোৱাৰিলে আপোনাৰ ভৰিৰ তলত স্বৰ্গ তৈয়াৰ কৰিব পাৰিম ৷ মই আপোনাক মোৰ জীৱনত কৈ ভাল পাওঁ ৷ মই মোৰ স্বামীক এৰি একমিনিট থকিব নোৱাৰিম ৷ লাগিলে মোক জয়মতীৰ নিচিনা শাৰীৰিক শাস্তি দিয়ক ৷ তথাপি মই মোৰ স্বামীক এৰি নাযাওঁ ৷ আপুনি মোক নামাৰিব ’ মোৰ পেঠত আপোনাৰ এমাহৰ সন্তান আহিছে ’ আপোনাৰ আৰুমোৰ মৰমৰ টোপোলাটো দুখ পাব ৷ আপোনাৰ সন্তানক সেউজীয়া পৃথিৱীখন দেখিবলৈ দিয়ক ৷আপোনাত কৈ আপোনাৰ সন্তানক বেচি মৰম আছে হাতযুৰ কৰিছোঁ ’ ভৰিত ধৰিছোঁ আপোনাৰ দাসী হৈ উৰেটো জীৱন থকিবলৈ দিয়ক ৷
শাহু মা“ ঃ ৰাইহান এইবাৰ ৰেহাই নাই মা“কৰ ঘৰৰ পৰা একো আনিব নোৱাৰিলে আকৌ কাকতি মিনতি ধৰ হাত ভৰিবান্ধ কেৰাচিন বটলটো লৈ শহু মা“ ওচৰত দৌৰি আহিলে তাকে দেখি ফতিমা হাত যুৰ কৰি কবৈ ধৰিলে মা“অ মোৰ মোক জ্বলাই নিদিব আপোনালোকৰ ঘৰত নতুনকৈ আলহী আহিবলৈ লৈছে ৷ যৌতুক আনিব নোৱাৰিলি আকৌ নাতি আনিবলৈ লৈছ ৷ এইবুলি কৈ কেৰাচিনৰ বটলটো ফতিমাৰ গাত ঢালি দিলে ৷ ফাতিমাই ইহ-সংসাৰ ত্যাগ কৰিলে ৷
ছেলিমা বেগম, নগাঁও
জুৰীয়া
Comments
Post a Comment