সৰগৰ বেলকনি (৪)
আধৰুৱা
হেই..!
কিয় আহ নীলিমা হৈ ক'লেজলৈ ?
মই যে প্ৰেমত পৰি ৰঁও তোৰ ।
সৰা ফুল বুটলিলে অনুভৱ হয়
এটি নিষ্পাপ শিশু, যি
মোৰ হৃদয়ৰ একেবাৰে মাজত ।
আজিও ৰাধাই নীলা ৰঙৰ কুৰ্তী পিন্ধি ইউনিভাৰ্চিটি পালেহি।
সৌমাৰে কেৱল চাই ৰয় তাইক।
চাৰি বছৰৰ পৰা মনতে থকা
সকলো কথা কোৱাই ন’হৈছে সময়,
আচলতে সময় নহয় বন্ধুত্বৰ
সম্পর্কটো চিঙি যোৱাৰ ভয়ত।
চিগাৰেটটো নাখালে নহয়নে ।
সদায় খাই, যেনিবা স্বৰ্গ সুখহে ।
বেমাৰ হ'লে কোনে যত্ন ল'ব এই অভংটোৰ।
সৌমাৰৰ মুখৰ পৰা চিগাৰেটটো পেলাই
ৰাধাই চকুৰ পাকেৰে খং দেখুৱাই
লাইব্রেৰীলৈ বুলি খোজ ল'লে।
ৰাধা আগে আগে সৌমাৰ পিছে পিছে ।
অভিমানবোৰ কিয় জাগি উঠে ?
ঠেহবোৰ ভালপোৱাজনৰ
আগত বেছিকৈ কিয় গোট খাইহি ?
আপোনজনে কষ্ট পালে চকুপানীবোৰ
নীৰৱে কিয় বৈ যায় ?
মৰম কিয় মৰমৰ আকলোৱা ?
অই পাগলী তোক যে ভালপাওঁ বুলি
ক'বলৈ বৰ মন যায় ।
হৃদয়ৰ এচোঁকত যে তই আছ,
তোকনো কেনেকৈ কঁও ।
সকলো আশা সপোন
তোৰ পৰাই আৰম্ভ হৈ শেষ হয় ।
তই মোৰ মিঠা আৱেষ্টনী ।
তোৰ অবিহনে যে জীৱনটো যন্ত্রণাদায়ক ।
তইচোন জানই এই বেঙাই আজিলৈকে কোনো ছোৱালীলৈ মূৰ তুলি নাচালে তোৰ বাদে,
তেন্তে কেনেকৈ জানিম ভালপোৱাৰ বক্তৃতা দি তোক ভালপোৱাৰ প্ৰস্তাৱ দিবলৈ ।
ৰাধা! কি জান' মোৰ হৃদয়ৰ ৰাণী যে তই ।
এই বলিয়াৰ বলিয়ামী সহ্য কৰি মোৰ লগত একেলগে জীৱনটো কটাব পাৰিবিনে ?
সৌমাৰে মনতে পাগুলিয়াই থাকোতেই যায় ।
মনৰ কথা আৰু কোৱা নহয় ৰাধাক ।
এনেদৰে চাগে কিমানৰ হৃদয়ৰ
কথা হৃদয়তে থাকি যায়।
ৰাধাই লাইব্রেৰীৰ দৰ্জাখনত
ৰখি তালৈ চাই
অকৰা ধঙেৰে,
কি যে অভং এইটো ।
আজিলৈকে ভালপাওঁ বুলি ক'ব নাজানিলে।।
শ্ৰীমতী প্ৰিয়ংকা দত্ত
তিনিচুকীয়া, শ্রীপুৰীয়া, অসম
Comments
Post a Comment