সৰগৰ বেলকনি (৪)

অপেক্ষা মাথো


হৃদয়ৰ গভীৰ  কোণত  
সজীব হৈ থকা স্মৃতিবোৰ
এদিন হঠাতে 
নাইকিয়া  হৈ পৰিব।

নাইকিয়া হৈ পৰিব সকলো ।
তাহানিতে মেৰিয়াই লোৱা 
বিষাদৰ চাদৰ খনো
হঠাতে নাইকিয়া হৈ পৰিব  ।

আনকি•••••
মোৰ শৰীৰটোও
জুই চিতাত দাহ গৈ
অস্তিত্ব বিহীন হৈ পৰিব ।।

শত্ৰুৱেও উচুপি ক'ব 
তাই বৰ ভাল ।।
কৰ্কশ মাত দিয়া জনে ক'ব
তাই আমাক এৰি থৈ  গুচি গল' ?

মই ওপৰৰ পৰাই
অলপ শান্তি বুটলিম !
যদি পুনৰ ঘূৰি আহিব পাৰো 
তেওঁলোকৰ প্ৰশ্নৰ প্ৰত্যোত্ত্বৰ  নিশ্চয় দিম ৷


শিৱানী বৰুৱা
চেনিজান , যোৰহাট 
                 

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়