সৰগৰ বেলকনি (৪)

ফাগুনে মোক কবিতা লিখিব ক'লে
           
ফাগুনৰ ৰিব্ ৰিব্ বতাহত
মনে কৰে ধেমালি।
মদাৰ,পলাশ,
শিমলু গছত
বিয়পে ফাগুনৰ বাতৰি॥
কিনকিনীয়া 
বৰষুণে দি যায় 
ফাগুনৰ সংবাদ।
ভাহি অহা ফাগুনৰ সুৰে
অৰ্থহীন কৰে যুক্তিহীন বিবাদ॥
ফাগুনে কবি-সাহিত্যিকৰ 
মন প্ৰফুল্ল কৰি...
কবিতাৰ কথা কয়
কবিৰ হৃদয় জুৰ কৰি।
সৰি পৰে গছৰ পাত,
নাম হেনো তাৰ সৰাপাত।
সৰাপাতৰ আঁৰত 
ভাহি আহে ফাগুনৰ হাঁহি।
পৰিপুষ্ট-পৰিতুষ্ট কৰি কবিৰ মন
ফাগুনৰ লহৰত নাচে মধুৰ বাঁহী॥


সমুজ্জ্বল ডেকা, ৰঙিয়া 
                         (নিজ বড়িগোগ)

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়