সৰগৰ বেলকনি (৪)

নিশান্তত মোৰ সাধনা

মই নিশান্তত সাধনা কৰোঁ
নাথাকে কোনো আনন্দ,
যদ্যাপি পাওঁ শান্তিৰ মলয়া
বিশাল পৃথিৱীৰ পূৰ্ণানন্দ।।

নীসংগতাই হয় মোৰ সংগী
ছাঁটো হয় মোৰ বন্ধু,
নিশান্ত হয় মোৰ স্বস্ত্বিৰ নিশ্বাস
শান্তিৰ পৰিপূৰ্ণ বিন্দু।।

নিশান্ত হয় মোৰ শান্তিৰ প্ৰতীক
যত মই আৰু ময়েই থাকোঁ,
নীসংগতা হয় মোৰ পৰম বন্ধু
যত মই নথকাৰ প্ৰসঙ্গ বিচাৰো।।

আহাৰ মাহৰ উন্দুলাই অহা 
কলা ৰঙৰ সেই বাৰিদে,
দিয়ে আনন্দ সময়ৰ সতে
নৈসৰ্গিক শান্তিৰ পৰশে।।

নিশান্ত মোৰ খুবেই প্ৰিয়
নিশান্তই মৌনতা সানে,
শান্তিৰ পক্ষীৰ বিভিন্ন গীতে
সুধীৰে নীৰৱতাক আদৰে।।



সুশান্ত দাস, শিৱসাগৰ

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়