সৰগৰ বেলকনি (৪)

ফাগুন



কঠোৰ শীতৰ শূন্যতা 
শেষ হৈ আহিছে 
ঐ ফাগুন,
অনুভূতিৰ ৰঙীন 
ফেৰীখন ঘাটত লাগি ধৰিছে,
আৰু মৌ মাখিয়ে কৰিছে
ফুলে ফুলে উদ্যম নৃত্য!
ফাগুন ঐ ফাগুন 
উতলা ফাগুন,
তচনচ প্ৰকৃতি 
কুলি কাউৰী 
বিয়ৈ বিয়নী 
আত্মাৰ প্ৰবাহিত হয় 
ৰঙীন পথেৰে 
ধূলিকণাই ছানি ধৰে প্ৰকৃতি ;
আউল ভাঙে আৰু যোৰে 
বিৰিখে সলাই পাত ,
ফাগুন অহাৰ বাটেৰে আহে 
বহাগ ৰঙত মোহিত হয় 
ভাৱনাত সৃষ্টি হয় সপোন।




দীপজ্যোতি বৰদলৈ

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়