সৰগৰ বেলকনি (৪)
গাঁৱৰ সেই কেঁচা আলিটো
মোৰ আজিও মনত আছে
আমাৰ গাঁৱৰ সেই পুৰণি ,
কেঁচা আলিটো ।
আলিটোৰ দুইকাষে
ডাঙৰ ডাঙৰ
কৰন , অৰ্জুনৰ গছ ।
গাঁৱৰ সেই কেঁচা আলিটো থাকোতে ,
গাঁৱৰ পৰিবেশটো ভাল লগা আছিল ।
এতিয়া কেঁচা আলিটো পকা হল ,
যাতায়তৰ সুবিধা হল ।
কিন্তু গাঁৱৰ পৰিবেশটো হেৰাই গ'ল ।
সলনি হল সকলো ,
মানুহবোৰ সভ্যতাৰ দৌৰত বুৰ গল ।
গাঁৱৰ পথাৰবোৰ নোহোৱা হল ,
পথাৰবোৰৰ ঠাইত ওখ অট্টালিকা ।
গাঁৱৰ সেই পৰিৱেশটো ,
ক্ৰমশঃ নাইকীয়া হল ।
যাতায়তৰ সুবিধা হোৱাৰ লগে লগে
মানুহবোৰৰ হল পৰিবৰ্তন ।
আধুনিকতাত বোৰ গল সকলো।
গাঁৱৰ কেঁচা আলিটো এতিয়া আৰু নাই ,।
নাই এতিয়া গাঁৱৰ পৰিবেশটি
সকলো সলনি হল ।
গাওঁখন চহৰলৈ ৰূপান্তৰ হল ।
বৰষা ঠাকুৰ
বৰবৰুৱা , ডিব্ৰুগড়
Comments
Post a Comment