সৰগৰ বেলকনি (৫)

জীৱন এখনি অনুপম নৈ

জীৱন এখনি অনুপম নৈ
জীৱনৰ প্ৰতি পল
নিৰবধি যায় বৈ!
জীৱন নেদেখা জনৰ
অমূল্য দান
এটি পবিত্ৰ প্ৰাণ।

অস্থিৰ জীৱনৰ
নাই কোনো আশা
নাই কোনো ভৰসা 
নাই জীৱনৰ কোনো পৰিত্ৰাণ!!

তথাপিও জীৱন এখনি
অনুপম নৈ!
সময়ৰ সৈতে মিলি
নিৰবধি যায় বৈ।

সুখ-দুখ পোৱা-নোপোৱাৰ
হাঁহি-কান্দোনৰ অনুভৱ বোৰ
সময়ৰ চাকনৈয়াত সজাই
নিৰবধি যায় বৈ!!
জীৱন এখনি অনুপম নৈ।।
           

বিউতী ৰাজবংশী
মঙ্গলদৈ, দৰং

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়