সৰগৰ বেলকনি ( ৫)

আকাংক্ষা

টুলুঙা নাওঁ
কিমান বা আছে বাট
ব'ঠা বাই বাই পাৰ নাপাওঁ।।
.. 

সিপাৰৰ সিমানত ৰৈ আছে
দলিচাৰে সজাই ৰখা 
মোৰ প্ৰাপ্তিৰ এলানি জীয়া আশা।।

কামনাৰ সোঁতত
টুলুঙা নাৱত ব'ঠা বাই
আগুৱাই যোৱাৰ তীব্ৰ হেঁপাহ।।

দূৰ দিগন্তত বাট চাই আছে
মোৰ এসাগৰ কল্পনাৰ
জীয়া সপোনৰ এটি বাস্তৱ ছায়া।।

সপোন নদীত ব'ঠা মাৰি ফুৰা
মই বহুত পুৰণি নাৱৰীয়া।।

 মনজোস্না হাজৰিকা, লখিমপুৰ।

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়