সৰগৰ বেলকনি (৫)
পৰিবৰ্তন
মানুহ নামৰ প্ৰাণী,
সকলোতকৈ হৈছে জ্ঞানী |
যদি বিচাৰে পৰিবৰ্তন
মানৱ সমাজক
মানুহেই কৰিব পাৰিব
নিয়ন্ত্ৰণ আৰু সচেতন |
এই মানুহ নামৰ প্ৰাণী,
কৰিছিলে বাস এদিন গুহাত,
ৰান্ধিব নাজানিছিল খাদ্য,
তথাপিও আদিম যুগৰ পৰা
অনাদিলৈ আনিলে নতুনত্ব |
এখোজ দুখোজকৈ
কষ্টৰ জখলা বগাই
মানৱেই আনিলে পৰিবৰ্তন |
এই গতিশীল পৃথিৱীত
সময়ৰ আৰু প্ৰকৃতিৰ লগে-লগে
যুগে-যুগে মানুহেই আনিব পৰিবৰ্তন |
ৰাজশ্ৰী সেনাপতি গগৈৈ, ডিব্ৰুগড়
Comments
Post a Comment