সৰগৰ বেলকনি (৫)

নষ্ট হৃদয়


তুমি ফাগুন হৈ লাঙঠ কৰা হৃদয়ত
এতিয়া বসন্তৰ দপ-দপনি। 
কি কৰোঁ? 
মইযে ভালপাওঁ নগ্নতা, 
ভালপাওঁ ফাগুনৰ লঙঠা
সেয়ে হয়টো ধিক্কাৰ বসন্তৰ আৱৰণতাক।
অৱশ্যে এই ফাগুনৰ নগ্নতাক উপভোগ কৰা পুৰুষে
বসন্তৰ আৱৰণক প্ৰচয় দিয়েই বা কেনেকৈ?
সৰাপাতৰ বিষাদ অভ্যাস হোৱা এই পুৰুষে
কুমলীয়া পাতৰ সুখ বুকুত সানেই বা কেনেকৈ? 
মোৰ নাই খোপাত কপৌফুল গুজি দিবলৈ তেনে প্ৰেয়সী
সেয়ে অৱহেলাবোৰেই গ্ৰহণ কৰো মদাৰৰ দৰে, 
মোক নালাগে ধূলিয়ৰী বাট ফালি বসন্তৰ আগমণ
ৰক্ত আকাশ আৰু শান্তিৰ পচুৱা এজাকেই যথেষ্ট।।

চিন্ময় বৰা,
বিশ্বনাথ চাৰিআলি।।

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়