সৰগৰ বেলকনি (৫)
তোমালৈ বুলি
অনুভৱৰ প্ৰতিটো স্বৰলিপি
লিখিলো তোমাৰ নামত ,
হৃদয়ৰ উকা দস্তাবেজত
শব্দহীন এটি সপোন হ’ল চিহ্নিত৷
স্বপ্নৰ সীমাৰ পৰিধি ভাঙি
অহা এচাটি পচোৱাই
হৃদয়ৰ মন্দিৰত জ্বলি থকা
আশাৰ চাকিগচি যায় যে কোবাই ৷
তেতিয়া পূজা আৰম্ভ হৈছিল
আৰোধ্য দেৱতাৰ চৰণত
তোমাৰ নামত অৰ্পিত ফুলবোৰ
এতিয়াও সজীৱ হৈ আছে
দেৱতাৰ পূজাৰ বেদীত ৷
ঋতু গৈ ঋতু আহে
অনুৰাগ বোৰ তোমাৰ বাবে
নিয়ৰ হৈ টোপা টোপ সৰে
আৰু স্নিগ্ধ জোনাকত
মনৰ হেপাহঁবোৰে পোখা মেলে ৷
সুপ্ত অনুভৱবোৰে উকমুকাই উঠে
ৰংহীন উকা কলাজখন
ৰঙীন কৰিবলৈ শব্দবোৰে অভিমান কৰে,
তথাপি স্বপ্নৰ পৰিধি ভাঙি
ৰৈ ৰৈ অনুৰাগ জাগে
হিয়াৰ মাজত তোমাৰ বাবে ৷
পদুলীত এতিয়াও ফুলি আছে
পলাশ, মদাৰৰ কলি,
হৃদয়ৰ পূজাৰ বেদীত
ফুলবোৰ অৰ্পণ কৰি
এদিন তুমি আহিবা বুলি
ৰৈ থাকিম তোমালৈ বুলি ৷
🖋️নিজৰা বৰ্মন ডেকা
Comments
Post a Comment