সৰগৰ বেলকনি (৫)
নাৰী
নাৰী তুমি প্ৰেয়সী...
তুমি এগৰাকী কোমল বুকুৰ ঠিকনা
যাৰ আশাৰ ৰেঙনি মমতাময়ী
সোণালী জীৱনৰ তুলসীৰূপে খ্যাত
স্বাধীনতাৰ এনাজৰী তুমি...
বুকুত আছে প্ৰেৰণাদায়ক স্মৃতি
হেজাৰ কষ্টৰ উপলুঙা তুমি...
মায়াবিনী ৰাতিৰ কথোপকথন তুমি
সৃষ্টিৰ ৰচয়িতা তুমি...
প্ৰেমৰ আকৰ্ষণত আৱদ্ধ তুমি
তুমি নাৰী নহয় এগৰাকী মাতৃ...
তোমাৰ অসীম ভালপোৱাই
মোক নতুন জীৱনৰ পাতনি মেলা শিকাইছে...
সপোনৰ উন্মোচন তুমি
তোমাৰ লগত তুলনাময় একো নাই...
সুন্ধৰ্য্যৰ প্ৰতীক চিহ্ন তুমি
তুমি কামনাৰ চাৱনি...
তুমি মৌনতা আৱৰি লোৱা
এটা বহুধাবিভক্ত ৰূপ...
এগৰাকী নাৰী তুমি
তোমাক প্ৰণাম -
শ্ৰদ্ধা কৰাৰই আমাৰ আত্মজাহ।
ৰৌশনআৰা বেগম, দক্ষিণ শালমাৰা মানকাচৰ
Comments
Post a Comment