সৰগৰ বেলকনি (৫)
জীৱন জিন্দাবাদ
আজি এটা শব্দৰ গাঁথা
লিখিমেই লিখিম জীৱনক লৈ,
যদিওবা জীৱনৰ স’তে মোৰ চিনাকি
বেছি দিনৰ নহয় ৷৷
অভাৱেৰে আৱিৰ সনা
মোৰ জীৱন,
তথাপি হৃদয়ত গোপনে আছে
এটি সপোন ৷৷
শুনিবানে ?
পথৰ কাষত পেলাই থৈ যোৱা
দেৱশিশুটিৰ কাহিনী কৰুণ !
বস্তিৰ শ্ৰমিক শিশুৰ মাজত
অজানিতে সুপ্ত হৈ থকা
প্ৰতিভাৰ দাপোন !
ইহঁতক শিক্ষাৰ পোহৰ দেখুওৱা
মোৰ এটি সপোন ৷
নিবিচাৰো পশ্চিমীয়া সংস্কৃতিৰ পৰশ
ভাৰতীয় সংস্কৃতিৰে গঢ়িব বিচাৰো
সপোনৰ সৰগ ৷
সপোনৰ পম খেদি বিচাৰি পালো
জীৱনৰ মালিতা ,
ধৰ্মৰ পথেৰে আগুৱাই যোৱা,
জ্ঞান অৰ্জনেই একমাত্ৰ ঠিকনা
সপোনক বাস্তৱত ৰূপায়িত কৰা ৷
মধ্যবিত্ত জীৱনৰ সন্মুখত
সমস্যাৰ ৰাজঘাট ,
সংগ্ৰাম মই কৰি আছো
কৰি যাম ৷
নীৰৱে সহিম প্ৰতিটো
ঘাট-প্ৰতিঘাট ,
জীৱন জিন্দাবাদ ৷৷
শিল্পী শিখা চাংমাই, যোৰহাট
Comments
Post a Comment