সৰগৰ বেলকনি (৫)

মোৰ মাঁ  


            
সূৰ্যোদয়ৰ বহু আগতেই 
স্বৰ্গীয় জ্যোতিষ্কৰ
হাত দুখনৰে 
আহি টোপনিৰ পৰা 
জগাই দিছিলে মোক 
মোৰ মাঁ’ই সযতনে 
জীৱন যুদ্ধৰ অস্ৰ দিছিল 
মোৰ হাতত তুলি, আৰু 
সেই অস্ৰ কিতাপ কলমেৰে
নিতৌ আৰ্হি বনাইছিলোঁ 
মই মোৰ জীৱন যুদ্ধৰ 
পাৰাপাৰহীন বহু সক্ৰীৰ্ণ পথ,
আৰু আত্মনিৰ্ভৰতাৰ 
ক্ষুদ্ৰাতিক্ষুদ্ৰ স্বপ্ন দেখাৰ 
পাইছিলোঁ প্ৰেৰণা !

মছজিদত শুনিছিলোঁ 
মধুৰ আজান,
মন্দিৰৰ দেখিছিলোঁ
বহু সাধু-সন্ত,
গীৰ্জাৰ চৌহদেৰে গৈছিলোঁ
জ্ঞানৰ আলয়লৈ,
বালিময় পাহাৰ বগাই,
আজি বহু প্ৰত্যাহ্বানৰ
সন্মুখিন হৈছোঁ সন্ধিয়া পৰত 
আইয়ে দিলে সুৱৰাই
মই বোলে কোনো 
ভগৱানক সেৱা কৰা নাই !
কোনে ক’ব মোৰ আইক
বুজাই যে আজিকালি
ভগৱানৰো কিয় কোনো পাত্তা নাই ৷
হিন্দু মুছলিমৰ নামত আছে
আৰু কোনে বাৰু কিয় জগৰ লগাই ?

মই আজি মোৰ মাঁৰ আৰ্শীবাদতে
নিৰ্ভয়ে প্ৰতিটো পুৱাই যেন
পৃথিৱীৰ স’তে মুখামুখি হ’বলৈ
আছোঁ ৰৈ অগ্নিৰ ডেউকা হৈ ৷
মানৱতাৰ পূজাৰী হ’ব লাগিব
আমি নিৰ্দ্বিধাই স্বীকাৰ কৰিছোঁ
মাঁ মছজিদত যোৱা নাই 
মই মুছলমান হ’ব লাগিব বুলি ৷
মন্দিৰতো যোৱা নাই মই
মাঁ মোক হিন্দু বুলি ভাবিব বুলিহে ৷
মাঁ মই গীৰ্জাতো যোৱা নাই
লোকে মোক খিষ্টান বুলিব যে,
মানৱতাৰ পূজাৰী হৈ
বিচাৰোঁ মই জগত জিনিবলৈ ৷


তাং- ০১/১১/২০২১
---------------------- ছাইফুদ্দিন আহমেদ

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়