সৰগৰ বেলকনি (৬)

কাল্পনিক 


বাস্তৱ জীৱনক প্ৰকৃত জীৱন বুলি 
নকৰিবা ভুল, জীৱনটো বৰ জটিল 
সংগ্ৰামে ভৰপূৰ, ৰহস্যময়
তাৰ মাজতো অতি আনন্দময় 
জীৱনৰ অৰ্থ যেতিয়া বুজিবা
বহুত পলম হ'ব তেতিয়া |
সোণোৱালী সপোনবোৰ 
দিঠক কৰি  তুলিবলৈ  
হৃদয়ে কৰিব হাবিয়াস 
আজি জীৱন ব্যৰ্থ হৈ ৰ'ল |
সপোনবোৰ চিন-বিছিন্ন  হৈ গ'ল |
মোৰ জীৱন, মোৰ ইচ্ছা, 
সকলো যেন শেষ হৈ গ'ল |
তুমি চোন কৈছিলা 
একেলগে গোটেই জীৱন 
সুখে-দুখে কটাম বুলি !
কত গ'ল তোমাৰ প্ৰতিশ্ৰুতি ?
মই কান্দিছোঁ আজি,
কিয়, কব পাৰিবা নে তুমি !
নোৱাৰা, কাৰণ তুমি কা-পুৰুষ 
হ'ব নোৱাৰিলা আজিয়ো 
তুমি মোৰ সপোন কোঁৱৰ |
মোৰ সপোনকোঁৱৰ বহু সাহসী 
মই বিচাৰিলে ধৰাকো স্বৰ্গ ৰূপ দিব 
মোৰ চকুৰ পানীয়ে মুক্তা মালা গাঠিব |
হ'ব, নালাগে তোমাৰ মিছা প্ৰতিশ্ৰুতি |
মই আজিও সপোন দেখিম 
সপোনৰ পৃথিৱীখন বৰ ধুনীয়া 
মোৰ সপোন কোঁৱৰৰ সপোনতে 
বিলীন হয় ৰয়, মোৰ পৃথিৱী,
মোৰ জীৱন ,ৰামধেনু ৰঙেৰে ভৰিম  |


ৰাজশ্ৰী সেনাপতি গগৈ, ডিব্ৰুগড়

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়