সৰগৰ বেলকনি (৬)
শ্ৰমিকৰ মৰ্মবেদনা
কপালৰ ঘাম মাটিত পেলাই
এচাম সৰল লোকে কষ্ট ভুগিছে
দুবেলা-দুমুঠিৰ আশাৰে
তেজক পানী কৰি ভাৰ বহনিছে
ওপৰৱালাক মনোমিনতিৰে
বিলাসীৰ অট্টালিকা নিৰ্মাণত বা
আন লোক-গৃহাশ্ৰয়, নানান আলয়াদিত। নিজস্ব চাহিদা পাহৰি
আত্ম-সন্মান নেওচি পেটৰ পূজালৈ
অাৰ্জিছে খুদকণ টকাৰ সাঁচিপাত।
আপোন-পেটীয়া নহৈ স-পৰিয়ালক খুৱাইছে পাৰিশ্ৰমিক ফচল, সন্তানক চিন্তা শিক্ষিত কৰোৱাৰ
কোনোবা প্ৰকাৰে হ'লেও
মানৱতাৰ উদাৰী হৈ মালিকৰ অধীন ৰূপত।
নিৰুপায়ত একাংশ শিশু শ্ৰমিকৰ
তালফলা আৰ্তনাদ, "হে' প্ৰভু কিহৰ ইমান যাতনা দিছা এই শ্ৰেণীক?
কিয়নো বিধি দিলা কণমানিৰ নিষ্পাপ কামিহাড়ক, যি ক্ষণত
গঢ়িব লাগিছিল নিটোল তেজৰঙী
সুঠাম দেহা তথা য'ত খোজ আছিল সপোন গঢ়াৰ প্ৰাৰম্ভিকতা"?
আমি অহমিকাই চিকুণ অন্তৰেৰে
ঋণী হওঁ এইচাম শ্ৰমিকৰ কৃতজ্ঞতাত আহক জনসমাজ-
বন্ধ কৰাওঁ শিশুৰ শ্ৰম
দিওঁ মনৰ ফুলনিত ঠাই
ওমলি-জামলি বুদ্ধিৰ হওঁক বিকাশ।
আদ্য ও বয়স্ক শ্ৰমিকক এই
পহিলা মে'ত বিৰতি দিওঁ।
আজিৰ বাবেহে আজৰি সিহঁত।
ধনৱন্তৰ কৰ্ম-তাগিদাত ৰক্ষাহীন
শ্ৰমিকগণে ভিজা মেকুৰী সদৃশ
কনভয়েৰে সৱকে দিছে আশ্ৰয়,
ৰ'দ-বৰষুণ কাটি কৰি থৈ লোকাভিমানক কেৰেপ নকৰি
দেৱালয়, উদ্যান- সমগ্ৰ দানিছে
খনিকৰী শিল্পী দুহাতেৰে।
কদাপি নোৱাৰি এই গুণী স্তৰক
খাই পাত ফলাৰ নিঠুৰতাত পেলাব,
ইয়াত বাদে কোনেনো স্বাৰ্থক যাঁচিব কাৰোবাক ??
দিপিকা কামান, লখিমপুৰ
Comments
Post a Comment