সৰগৰ বেলকনি (৭)
আশাৰ গতি
হিয়া ভৰা আশালৈ জন্মিছিলো তোমাৰ বুকুত
মলয়া বতাহ জাকৰ সুন্দৰ সুৱাসটিয়ে
অতৃপ্ত হিয়াৰ বেদনা পূৰাবলৈ
দেখা দিবহি মোৰ আকুল দুচকুত !
পূৱাৰ বেলিটিৰ ৰঙীন পৰশত
সাজিছিলোো আশাৰে বৃহৎ শৃংগ,
দুৰ্বাৰ বেলিৰ নিষ্ঠুৰ হাঁহিৰে
আজি অপৰূপ বাৰিষা তৰংগ ৷
হে তুষাৰ, ৰবি অবিহনে
চিনাকি দিছিলাা অতিশয় মৰমৰ
মনপুৰীত আজি সৃষ্টিৰ কিয়
সুগভীৰ মহাসাগৰ !
মায়াৰ পৃথিৱীখনত ক’তনো লয় ক’তনো তান
জীৱন ব্যৰ্থতাৰ থাকে জানো মান !
আজীৱন ঘূৰি ফুৰিছোো বিশ্ব দুৱাৰত
কোনেও নাহে হায় ব্যৰ্থ জীৱনত ৷
হিয়া ভৰা আশালৈ জ্বলিছিল বন্তি মোৰ
ক’তনো হালি ডুলি আশাৰ বাট চাই,
হলাহল মলয়াৰ অতৃপ্ত পৰশত
সেয়া যেন আজি মোৰ নাই ৷
মনৰ আশা আজি মনতে ৰৈ গ’ল
ক’তনো ঘাত প্ৰতিঘাত
অসীমত হেৰাল সীমা মোৰ
সসীমত গ’ল বেলি মাৰ ৷
হাচিনা পাৰবিন, বৰপেটা
Comments
Post a Comment