তুমি অনুৰাগ
তুমি অনুৰাগ
মোৰ অনুৰোধ তোমালৈ
তুমি কোৱানা!
যাম মই কেতিয়া?
উশাহে মেঘ চুমে
অময়া আৱেগত
উমলে নিশা তোমাতে৷
তুমি অনুৰাগ আশা,
তুমি ভৰষা
প্ৰেৰণাৰ চিত্ৰলেখা,
তুমি কলে জানো মই
নোযোৱাকৈ থাকিব
পাৰোঁ কেনেকৈ?
মোৰ অনুৰোধ তোমালৈ
তুমি কোৱা!
যি বাটেৰে
যাম মই উলাই
সেই বাটেৰেই,
তুমি কোৱা!
গাঁৱলীয়া জীৱনৰ
সহজ সৰল
পৰিৱেশ চাবলৈ৷
তোমাৰ ঘৰ
যি বাটৰ কাষত,
যাম মই সেই বাটেৰেই,
তোমাৰ মৌ মিঠা
হাঁহিত মুগ্ধ হ’বলৈ!
মোৰ অনুৰোধ
তুমি কোৱা
যাম মই কেতিয়া?
ছাইফুদ্দিন আহমেদ,
ধুপগুৰি
তাং-১৭/০১/২০২৫
Comments
Post a Comment