লগ পালে তোমাক
লগ পালে তোমাক
---------------------------- ছাইফুদ্দিন আহমেদ, ধুপগুৰি
দ্বীপ কোৱৰী কেতিয়াবা
লগ পালে তোমাক,
বহু কথা পাতিম৷
হেজাৰ অনুভূতিৰে
আলফুলে ৰচনা কৰা
মধুমালিতাৰে
ভৰাই তুলিম
তোমাৰ হৃদয় ৷
তুমি বিচাৰিলে সংসাৰ কৰিলৈ
আনিম চন্দ্ৰ তৰা
তোমাক
কইনা সাজিবলৈ৷
সঁচাসঁচিকৈ তোমাৰ স’তে
দেখাদেখি হ’বনে এবাৰ?
নিঃশব্দে হাঁহি মনে
অকলশৰে
ভাৱোঁ মই তোমাৰ!
তুমিতো কেতিয়াও নাভাবা চাগে
মইনো কোন তোমাৰ?
আহিবা সময় পালে কেতিয়াবা,
মইনো আৰু
কিমান কৈ থাকিম
চাহ, কফিৰ কাৰণে?
তুমি বিচাৰিলে
পোলাও, কোৰমা, বিৰিয়ানীও
অৰ্ডাৰ কৰিম৷
তুমি মোৰ নহলেও
মই যে তোমাৰ হৈ থাকিম ৷
--------------------------------
০৬/২/২০২৫
Comments
Post a Comment