ভাগ্যৱতী
ছাইফুদ্দিন আহমেদ
বন্ধু তুমি ভাগ্যৱতী
বলা ময়ো
ভাগ্যৱান হওঁ৷
সকলোৱে জীৱন
পাৰ কৰে৷
মই পিছে
তোমাৰ সতে জীৱন
উপভোগ কৰাৰ
পণ লওঁ৷
তুমি কোৱাত
হে মোৰ
বহু চিন্তাৰ হৈছে
পৰিৱৰ্তন৷
আৰু যদি আছে
কিছু বাকী
বন্ধু তুমি মোৰ
হোৱা যদি
সকলো ঠিক হৈ যাব৷
আমাৰ দুয়োৰে
অতি সুন্দৰ
এখনি সংসাৰ হ’ব৷
তাতে তুমি মহাৰাণী
মই তোমাৰ
হুকুমৰ গোলাম হৈ
বিচাৰোঁ,
সাতোটা জনম পাৰ কৰিবলৈ৷
তাং- ১২/০৬/২০২৫
Comments
Post a Comment