মই মুছলমান
মই মুছলমান
ছাইফুদ্দিন আহমেদ
সচা প্ৰেমৰ নিখুঁত
সংজ্ঞা দিবলৈ
কিমান যে মই
চেষ্টা কৰিলোঁ!
মই মুছলমান৷
আপুনি
তাচ্ছিল্য কৰা
মিঞা নহয়?
মই ভাৰতীয়
কোনো
বাংলাদেশী
বিদেশী নহয়!
শৃংখল,
শিলাদিত্য
সত্যৰঞ্জন অথবা
অশোক সিংহল আদিয়ে
নিজৰ স্বাৰ্থ আৰু
ৰাজনীতিৰ কাৰণে
মোক অথবা মোৰ জাতিক
হাৰাশাস্তি কৰি ভালপায়৷
শান্তি প্ৰিয় জাতি আমি
কিন্তু এতিয়ালৈকে
আমি মুৰ দাঙি
থিয় দিয়া নাই
থিয় দিলে কোনো কাৰো ৰক্ষা নাই৷
তাং- ০৪/০৬/২০২৫
Comments
Post a Comment