মানুহ

মানুহ             
         ছাইফুদ্দিন আহমেদ

কিমান যে ভিৰ এইখন 
পৃথিৱীত 
মানুহৰ ৷
মানুহক বেয়া পাব 
নোৱাৰি,
ভালো পাব নোৱাৰি...!

মানুহ মানুহৰ দৰেই
মহৎ, জ্ঞানী
সাধু, সন্ত ৷
মানুহ মানুহৰ দৰেই
হিংস্ৰ, বিদ্বেষী
পৰশ্ৰীকাতৰ ৷

কিমান যে ৰহস্যময়ী 
এইখন পৃথিৱী,
ইয়াত কোনো 
কাৰো নহয় !
সকলো মাথোঁ 
স্বাৰ্থৰ খাতিৰত !
আৱদাৰ কৰে মানুহে
প্ৰেম ভালপোৱা 
আদি সম্পৰ্কৰ নামত ৷

এইখনেই সেইখন পৃথিৱী
প্ৰস্তৰ যুগৰ 
তুষাৰপাতৰ সেই
আদিম মানুহে 
আজিৰ এই
আধুনিক সভ্যতাৰ
কথা কল্পনাও কৰা নাছিলে ৷
আৰু তেতিয়া মানুহৰ
প্ৰয়োজনো আছিল যে সীমিত৷

তাং-২৩/০৫/২০২২
ফোন নং- ৬০০১৩৯৪১৫৪

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়