নাযাওঁ আৰু

নাযাওঁ আৰু
   ছাইফুদ্দিন আহমেদ



তুমি মোৰ কল্পনা হৈ থকা নাই 
এতিয়া আৰু
যিমানেই নামাতা কিয়?
আহা আহা বুলি!
যাব পাৰিলেও
নাযাওঁ আৰু
সিমান গভীৰতালৈ 
তোমাৰ বিবস্ত্ৰৰূপ চাবলৈ৷
তুমি নহয় মোৰ বন্ধু
নহয় মোৰ প্ৰেয়সী৷
আছিলে 
কিবা এটা, 
আত্মাৰ সম্পৰ্ক৷
এতিয়া আৰু ভাল নালাগে৷
যিমানবোৰ কথাৰে
হৃদয় মোৰ কঁপি আছিলে৷
উজনি নামনি কোনে ভাগ কৰিলে?
তুমিতো 
তেতিয়াও নাছিলা অকলে!
জানো মই নহলেও 
তুমি বাৰু এতিয়াও নাথাকা অকলে৷


তাং- ০৭/০৮/২০২৫

Comments

Popular posts from this blog

সৰগৰ বেলকনি (২)

Baby Doll

প্ৰেমৰ অভিনয়